This blog site has been created to help people to providing all the information related to this place i.e. Telgram ~ তেলগ্রাম ।
Telgram (or Telgaram) is a small place situated near Numaligarh Refinery Ltd. (NRL) at a distance of 25 km from Golaghat town and 9 km from Numaligarh.
Telgram (or Telgaram) is a small place situated near Numaligarh Refinery Ltd. (NRL) at a distance of 25 km from Golaghat town and 9 km from Numaligarh.
**তেলগ্রাম (তেলগৰম) এখন সৰু ঠাই। তেলগ্রাম (তেলগৰম)ক সৰু
ঠাই বুলি উল্লেখ কৰিলে আচলতে ভূল হয়। এই ঠাই খণ্ডৰ লগত পংকা, ৰং বং (ৰং বন),
বিষ্ণুপুৰ আদি ঠাই সমুহো সংলগ্ন হৈ আছে। নুমলীগড় শোধনাগাৰৰ কাষতে থকা পংকা গাঁৱৰ
অন্তৰ্গত তেলগ্রাম (তেলগৰম) এখন পুৰনি ঠাই। নুমলীগড়ৰ পৰা আৰম্ভ হোৱা ৩৯ নং
ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে থকা তেলগ্রাম
(তেলগৰম) ত আছে এখন দৈনিক বজাৰ, সৰু ডাঙৰ বহু দোকান, হোটেল আৰু অন্যান্য সেৱা যেনে
IT Service, Photo Studio ইত্যাদি। লগতে
ইয়াত আছে এখন প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ (পংকা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ)আৰু এখন পশু চিকিৎশ্চালয়। শিক্ষাৰ ফালৰ পৰা তেলগ্রাম
(তেলগৰম) ত আছে এখন চৰকাৰী উচ্চ মাধ্যমিক বিদ্যালয়, এখন চৰকাৰী মধ্যইংৰাজী
বিদ্যালয়, কেইবাখনো জাতীয় বিদ্যালয়, এখন কনিষ্ঠ মহাবিদ্যালয়। ওচৰতে আছে এখন
উপ-আৰক্ষী চকী আৰু লগতে SBI, HDFC, ICICI আৰু IndusInd বেংকৰ শাখা আৰু ATM Service। বিভিন্ন ধৰ্মালম্বী লোক বাস
কৰা তেলগ্রাম (তেলগৰম) ত আছে কেইবাটাও ধৰ্মীয় আনুস্থান। বৰ্তমান তেলগ্রামৰ আন এটা
পৰিচয় হ’ল কাষতে থকা নুমলীগড় তেল শোধনাগাৰ। যাৰ ফলত
তেলগ্রাম এখন উদ্যোগীক ঠাই হিচাপে চিহ্নিত হৈছে।
**তেলগ্রামঃ
তেলগ্রামৰ প্ৰকৃত নাম তেলগৰম। জনশ্ৰুতি অনুসৰি নুমলীগড়ৰ পৰা ডিমাপুৰলৈ ইংৰাজ
চৰকৰে যি পকী পথ নিৰ্মান কৰিছিল (বৰ্তমানৰ ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথ) তাত ব্যৱহাৰ হোৱা
আলকাতাৰা সমুহ এই তেলগ্রামতে গৰম কৰি বিভিন্ন ঠাইলৈ সৰবৰাহ কৰিছিল। তেতিয়াৰে পৰা এই
ঠাইৰ নাম তেলগৰম হ’ল বুলি জনা যায়।
এই তেলগৰম নামকে অলপ শুৱলা কৰি আমি এই Blogত তেলগ্রাম (Telgram)(যিহেতু বৰ্তমান
তেলগ্রাম তেল
শোধন কৰা ঠাই)বুলি ব্যৱহাৰ কৰিছো।
Find us on Facebook at http://www.facebook.com/telgaram
Mail us at telgram.info@gmail.com